অন্যযুগ/


বান

 সিদ্ধাৰ্থ শংকৰ কলিতা


 

পানীৰ কোনো জিভা নাই

হয়তোবা আছিল-

 

আমিহে শুনিবলৈ পাহৰি গ’লোঁ

সময়ৰ ভাঁজে ভাঁজে ভাহি অহা

সেই প্ৰাচীন পিয়াহৰ মাত

 

ৰাতিটো জাগি আছিল

নীৰৱতাই শাঁন দিছিল নিজৰ অস্ত্ৰত

নীৰৱে, অতি সংগোপনে

পানীয়ে কাঢ়ি নিলে

আমাৰ ভৰিৰ তলৰ পৃথিৱী

 

মজিয়াখন এতিয়া এটা স্মৃতি

উটি যোৱা কাঠৰ টুকুৰা

কোনো বিননি নাই

নাই কোনো কাঁচ ভঙাৰ থনথননি

মাথোঁ আকাশৰ নীলাই

গলি গৈছে আমাৰ ছাঁ

 

দেৱালবোৰ আছিল কালৰ কৱচ

ওলমি থকা ধূলিয়লী স্মাৰক

পানীৰ মৃদু পৰশতেই

উটি গ’ল বংশবৃক্ষৰ শেষ আখৰটো

 

আমি চালৰ ওপৰত বহি আছোঁ

দুটা শৃংগৰ মাজত ওলমি থকা

এডাল কঁপি থকা ৰূপালী সূতাৰ দৰে

ইয়াত নৈয়ে স্পৰ্শ কৰে আকাশক

আৰু আকাশে পাহৰি পেলাই

নিজৰ উচ্চতা

 

সীমাবোৰ বিলীন হ’ল :

ওপৰ আৰু তল

কালি আৰু আজি

মৃত্যু আৰু তাৰ সহজ নিশ্বাস

 

আমাৰ অস্তিত্ব এতিয়া

মাথোঁ এটা প্ৰসাৰিত শূন্যতা

বতাহে যাক স্পৰ্শ কৰিব নোৱাৰে

পোহৰে য’ত নিজৰ ছাঁ বিচাৰি নাপায়

 

বুৰ যোৱা মানে পৰাজয় নহয়

এয়া প্ৰাচীন বিশ্ৰাম

য’ত পানীয়ে শিকায়

নীৰৱে নিঃশেষ হৈ কেনেকৈ

নিজকে যাব পাৰি পাহৰি!

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ