অন্যযুগ/


এটা পশ্চিমৰ সাধুকথা

সিদ্ধাৰ্থ শংকৰ কলিতা


 

নৈশব্দৰ উশাহ লৈছিল সাগৰখনে

এখন নাৱৰ পৰা উটি আহিছিল

বৈৰাগী বাউলৰ সুৰ

তাই তলৰ পৰা চাইছিল

দাও দাওকৈ জ্বলি থকা একুৰা জুই

পলকতে ঘটিল সেই ঘটনাটো -

পানীত জাপ দি ঢৌত উটি গ’ল

এটা হেৰুৱা ঠিকনা

 

নাওখনৰ কাষতে বন্ধ হ’ল উশাহ

নিথৰ দেহটো তাই বলুকাত শুৱাই দিলে

চিগাৰেটৰ কুণ্ডলী পকোৱা ধোঁৱাৰ দৰে

মিহলি হ’ল বিষণ্ণ কুহেলিকা

সেয়া আছিল লোতকেৰে লিখা অদৃশ্য অৰ্পণ

বুকুৰ শব্দহীনতাত ওপজা

গুলপীয়া আকুলতা

 

এটা কুঁৱাৰ আন্ধাৰত আছিল ডাইনীৰ ঘৰ

কাঠৰ মেজখনত চিকমিকাই আছিল

এখন তীক্ষ্ণ ছুৰী

“কণ্ঠস্বৰ সঁপি দিয়া মোক,

বিনিময়ত পাবা খোজ কাঢ়িবলৈ দুখন ভৰি৷”

তাই একো ক’ব নোৱাৰিলে -

মাথোঁ সজল নয়নে মূৰ তুলি চালে

 

প্ৰতিটো খোজতে সহিছিল সহস্ৰ কাঁইটৰ খোচ

তথাপিও ৰাজপ্ৰাসাদ আছিল নিস্তব্ধ

কেট্‌লিত বাজিছিল উতলা পানীৰ বিননি

সি বৰ হেঁপাহেৰে কৈছিল ছোৱালীজনীৰ কথা

যি জনীয়ে তাক বালিচৰত বচাইছিল

তাই কেৱল নীৰৱে হাঁহিছিল

নিজানত

 

খিৰিকীৰ নিজানত শুই আছিল এটা ক’লা মেকুৰী

ৰাতিৰ বতাহে কঢ়িয়াই আনিছিল লুনীয়া গোন্ধ

সি তাইক আঁকোৱালি লৈছিল সৰু ভনীৰ আদৰেৰে—

কিন্তু প্ৰেম?

সেয়া আছিল বহু দূৰৰ পৰা ভাঁহি অহা

অচিন বাউলৰ সুৰ

 

চুলিটাৰিৰ বিনিময়ত বায়েকহঁতে তুলি দিলে 

এখন তীক্ষ্ণ ছুৰী

“তাক শেষ কৰা, তেতিয়াহে ঘূৰাই পাবা

 তোমাৰ আপোন নেজ৷”

পোহৰ-আন্ধাৰৰ দোমোজাত থিয় হ’ল তাই

কোঠাটোত সি শুই আছিল প্ৰশান্তিৰে-

হাতৰ ছুৰীখন তাই সাগৰলৈ দলিয়াই দিলে

 

লাহে লাহে বেলিটো ওলাই আহিল

দেহটো মিলি গ’ল শুভ্ৰ ফেনৰ ঢৌৰ স’তে

নাছিল তাত কোনো বিষাদৰ অৱশেষ—

মাথোঁ বতাহত ওপঙি ফুৰিছিল এটা প্ৰশ্ন

এই পৃথিৱীত সকলো বস্তু

এদিন এনেকৈয়ে বিলীন হৈ যায়?

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ