শান্তনু তামূলী
কবিতাবোৰ লতাৰ দৰে
সুবিধা পালেই
কাষ চাপি আহে
হাতত হাত থৈ
কথা পাতিবলৈ বিচাৰে
কবিতাবোৰ লতাৰ দৰে
খিৰিকী খুলিলেই
হালি-জালি
সোমাই আহে
গাত পৰি
সাৱটি ধৰে
কোমল আঙুলিবোৰে
খামুচি ধৰি
বিদ্যুৎ বেগেৰে
কোষৰ পৰা কোষেৰে
নিউৰনলৈ গতি কৰে
চকুত চকু থৈ
কথা পাতে আৱেগেৰে
বান্ধিব খুজে হৃদয়
অনুভূতিৰ শিপাৰে
কবিতাবোৰ লতাৰ দৰে
প্ৰখৰ ৰ’দকো নেওচি
বগাব পাৰে
বিটুমিন গলা বাটেৰে
হাজাৰ খোজৰ মাজতো
বুটলি ফুৰিব পাৰে
প্ৰিয়জনৰ ৰৈ যোৱা
চিনালি খোজৰ সুবাস
কবিতাবোৰ লতাৰ দৰে
প্ৰচণ্ড ধুমুহাতো
খামুচি থাকিব পাৰে
ৰ’ব পাৰে খহি নপৰাকে
থুনুকা ডালত ধৰি
ধুমুহাজাক পাৰ হৈ
যোৱালৈ
কবিতানো কি?
কবিতাবোৰ কবিতাৰ দৰেই
বৰষা অপেক্ষাত
বাট চাব পাৰে
ঋতুৰ পৰা ঋতুলৈ
অচিনাকি আতুৰজনৰো
তৃষ্ণা গুচাই
নিজে তৃষ্ণাতুৰ হ’বলৈ
