ধন দাস
কি এক অদ্ভুত নিচা
এই যে তুমিহীনতা
সৰল ৰেখা এডাল হ'ব নোৱাৰে পথ
সময়ক কটাই থাকিব নোৱাৰি এনেয়ে
ঠিক তেতিয়াই
তুমি পথৰুৱা মালিতা এটা হৈ মোলৈ চাই থাকাঁ
কজলা সন্ধ্যা এটা হৈ মোলৈ চাই থাকাঁ
কি এক অদ্ভুত যন্দ্ৰণা
এই তুমিহীনতা
"দ" ৰ আকাৰত শুই আছোঁ
জীৱনৰ বিছনাত
অভিনয় কৰি শুব নোৱাৰি
বুকুত হাজাৰ ছটফটনি
ঠিক তেতিয়াই
তুমি ৰাতিৰ জোন হৈ মোলৈ চাই থাকাঁ
বিষাদ ৰঙী শেৱালী হৈ মোৰ বুকুত সৰি পৰাঁ
কি অদ্ভুত কল্পনা
এই তুমিহীনতা
চিন্তিত চিগাৰেট এটাৰ পিছফালে ৰৈ আছোঁ বহুপৰ
ধোঁৱা হৈ হৈ চিগাৰেটতো শেষ হৈছে
মই কেৱল সাক্ষী হৈ ৰৈ আছোঁ
নিৰ্জন দুপৰীয়া এটা বহি আছে বুকুত ।।
