অন্যযুগ/


গান্ধাৰী

দাদুল ভূঞা

 

চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো

ইমানো সহজ নাছিল

 

তিনি জ্ঞানী বান্দৰে কৈছিল

বেয়া নাচাবাবেয়া নুশুনিবাবেয়া নকবা

 

আমি সেই বাটেৰেই খোজকাঢ়ি গৈছিলোঁ

 

পৰিৱৰ্তনৰ দুনিয়াত সলনি হৈছিল কথাবোৰ

এতিয়া চকুৰে দেখা, কাণেৰে শুনা কথাবোৰ

মন গলেও মুকলিকৈ কবলৈ— মুখ বন্ধ, চকু অন্ধ

 

শীলভদ্ৰৰ ভয়’ৰ নায়কৰ দৰেই

ওলাওঁতে-সোমাওঁতে আমিও কঢ়িয়াই ফুৰোঁ

প্ৰাত্যাহিক ভয়

 

প্ৰিয় পাঠক

ধৰ্মৰাষ্ট্ৰৰ নাগৰিকৰ বাবে

ইয়াতকৈ আৰু ভয়াৱহ কি হব পাৰে ?

 

চকু থাকিও গান্ধাৰী হোৱাতো ইমানো সহজ নহয়

যদিও,

সময়েচোন তাকেই কয়

 

**

 

ঠিকনা :

মাগনিগহপুৰবিশ্বনাথ-৭৮৪১৬৮

ভ্ৰাম্যভাষ - ৮৬৩৮৭১১৯৭৯

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ