অন্যযুগ/


মোৰ বেগ

উৰ্মি জুলী শ‍ইকীয়া


মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক

তুমি যে দেখিছা হাঁহিটো,

হোঁ ! সেয়া মোৰ নহয়

 

মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত

এই যে কথা পাতিছোঁ তোমাৰ লগত

সেইগৰাকী ম‌ই নহয়। মইতো আছোঁ বেগৰ ভিতৰত

খুচুৰা প‌ইছাৰ লগত

 

ছোৱালীজনী স্কুলত থৈ

বজাৰলৈ গলোঁ

'ৰাটোৰ কাৰণে কমলা কিনি

বেংকত সোমাই

চিটি বাছত উঠি

ঘৰলৈ উঠিলোঁ যিজনী,

সেইজনীও ম‌ই নহয়।

 

মইতো সুমুৱাই থৈছোঁ মোক

মোৰ কান্ধৰ বেগটোৰ ভিতৰত

 

ঘৰ পাইহে

চেইন খুলি ম‌ই মোক উলিয়াম ...

               ...

ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯

 

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ