অন্যযুগ/


ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ

ধ্ৰুৱজ্যোতি দাস


ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ

বাবে জিদ ধৰিছে

যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে

আকাশ আৰু মাটিৰ

আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে

বিক্ষিপ্ত আৰু চোকহীন

এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ

মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি

 

ৰাজপথে

তাৰ ওপৰেৰে চলাচল কৰা

গাড়ী-মটৰৰ কৰ্কশ শব্দবোৰৰ

অৰ্থোদ্ধাৰৰ প্ৰয়াস কৰিছে

গতিৰ দুৰ্গতি গতিৰোধকৰ

বলি হৈছে আত্মতঞ্চকিৰ

 

আমি পাহৰিয়েই থাকোঁচোন

ৰাজপথৰ গতি অৰ্বাচীন

পদে পদে শব্দৰ অনন্ত মিচিল

 

ৰাজপথ এখন ভাষাৰ নদী

ৰাজপথ সংস্কৃতিৰ এডাল কামিহাড়

ৰাজপথ বুৰঞ্জীৰ নতুন আধাৰ!

 ***

 

ঠিকনা :

সহযোগী অধ্যাপক

ইংৰাজী বিভাগ

কটন বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ: ৯৪৩৫০৭৭৪২১/৯৩৬৫০৪৮৪৬৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ