অন্যযুগ/


সভা এখন আছে দিশপুৰত!

ৰৌচন আলি 


সভা এখন আছে দিশপুৰত! 


কা কা কৰি ৰমিলিয়াই থকা কাউৰীয়ে

ম'ৰাৰ দৰে পেখম ধৰে

দিশপুৰৰ সভাত...


অৰণ্যৰ বুকু উদং কৰি

নগৰীয়া হ'ল কাউৰীবোৰ 


তথাপি মহানগৰৰ ডাষ্টবিনত

সিহঁত এতিয়া নাথাকে পৰি 

ক'লা হৈ কা কা কৰি


ম'ৰাৰ পেখম ধৰি

দিশপুৰৰ সভালৈ যায় 

তথাপি সলনি নহ'ল সিহঁতৰ কা কা মাত


দিশপুৰ সভাখনলৈ চাই ৰাইজে ক'লে--

যিমান পাৰ কাউৰী তহঁতেই খা

ভঁৰাল ভৰাই থৈ থৈ খা


এনেকৈয়ে কাউৰী ৰজা হ'ল 

দিশপুৰৰ সভাত 


প্ৰজাবোৰে চিঞৰি চিঞৰি ক'লে-

সিহঁতে এৰি যোৱা ডাষ্টবিনবোৰকে

আমি একেলগে চেলেকি চেলেকি খাওঁ আহ

উদৰ পুৰাই খাওঁ 


ডাষ্টবিনৰ বাহিৰে আমালৈ 

থাকিলগৈনে আন কিবা! 


আৰু এবিধ কাউৰী আছে 

আশে-পাশে 

সিহঁত কেতিয়াবা উৰে, কেতিয়াবা মাটিত পৰে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ