কেশৱ চাও
ধুন্দুলি ফেঁটীৰ ছালডোখৰো যে লাগতিয়াল
দেউতাই ভালকৈয়ে জানে
সেয়ে বাৰীৰ চুকে-কোণে পৰি থকা দেখিলে
তুলি আনি গোহালিৰ খুঁটাটোত
ওলমাই ৰখা
জাতিলাওৰ খোলাটোত ভৰাই থয়
সাপৰ ছালছটাও যে ঔষধি
ময়ো নাজানিছিলোঁ
এবাৰ ভৰ বাৰিষাত
কজলা দমৰাটোৰ কান্ধত পোকে ধৰিলে
দেউতাই সাপৰ ছালছটা মিহিকৈ গুড়ি কৰি
কুকুৰাৰ কণী এটাৰ সৈতে মিহলাই
কজলাৰ মুখত সুমুৱাই দিলে
পাছদিনা দেখিলোঁ
পোকবোৰ মৰিল
ঘা শুকাই আহিল
ভ্ৰাম্যভাষ : ৮৮১২৯৭২৭৫১
