শান্তনু তামূলী
সময়ৰ স’তে ধেমালি কৰোঁ...
কেতিয়াবা সময়ক লৈ চাৰিআলিৰ অস্তিত্বহীন
বিশাল বটগছজোপাত
এৰি থৈ অহা হাঁহিৰ সৈতে
ধেমালি কৰোঁ
জুমটোৰ মাজত
সময়ক এৰি থৈ আহোঁ
আবেলিটো উৰুলিকৃত কৰি
বটজোপালৈ চৰাইবোৰ উভতি আহে
ঢিমিক-ঢামাক পোহৰত
পাণদোকানখনত
হাঁহিবোৰ ওলোমাই থৈ অহা
গধূলিটো জোনাকময় হৈ পৰে
আৰু মই সময়ৰ স’তে
ধেমালি কৰোঁ
শনিবৰীয়া হাটত এৰি অহা
শৈশৱবোৰ বুটলি ফুৰোঁ
পোৱা-নোপোৱাৰ
উত্তৰ নিমিলা অংকৰ বহীখন
বিচাৰি ফুৰোঁ
বেঞ্চত কাটি থৈ অহা
প্রিয়জনৰ নামটো মচি থৈ আহোঁ
মই সময়ৰ সৈতে ধেমালি কৰোঁ ।
সময়ক এদিন ক’লোঁ-
‘ভৱিষ্যৎখন এপাক চাই আহোঁ’
সময়ে ক’লে- ‘দুঃখিত বন্ধু,
মোৰ গতি বন্ধা আছে য’ত,
তাৰ পৰা আগুৱাই যোৱাৰ
শকতি যে নাই।
মই ভৱিষ্যদর্শী নহওঁ
মই মাত্র গতিশীল
থমকি ৰোৱাৰ বাবেও
শক্তিহীন, যতিহীন, ছাঁয়াহীন, কায়াহীন
মই দিশ নিয়ন্তাও নহওঁ
মই নহওঁ ৰথী
যেনিয়ে নিয়া, সেই পথৰ
মাত্র মই সহযাত্রী।
