ৰিপুঞ্জয় বৰুৱা ঋমন
অতদিনে
যি কথা কেৱল মই নিজৰ স’তে পাতিছোঁ
সেই কথা চালি-জাৰি থাকোঁতে
সাৰ পাই উঠে মৰমৰ শোক !
মই সাৰে আছোঁ
দুটোপাল চকুলোৰে
মোৰ ছটফটনি, বিষাদ, বিশ্বাস, ভালপোৱা
সকলোকে বুজাবলৈ যত্নপৰ হৈ
মণিমহেশলৈ বাট বুলিছোঁ
বিচাৰি বুকুৰ নীলমণি৷
সংকুচিত সময়ক প্ৰসাৰিত কৰি
মই বৈ যাব বিচাৰোঁ
তোমাৰ জলপ্ৰপাত দুচকুৰে
বনৰীয়া শিলসমুদ্ৰ হৈ৷
যোৱাৰ বাটে বাটে বহুতকে লগ পালোঁ
লোভ মোহ
কাম ক্ৰোধ
মদ মাৎসৰ্য৷
লগতে দেখিলোঁ
সাপে মোট সলোৱাৰ সুলভ দৃশ্য!
মনতেই মননশীল হৈ
নিজকে পাথৰ কৰি ললোঁ৷
ইচ্ছা কৰিয়েই হওক বা অনিচ্ছাকৃতভাৱেই
এতিয়াৰে পৰা কোনোবাই
শিলৰ সৰলতালৈ সোমাই
এই শিলাময়তাত
পুনৰ আঁকিব নোৱাৰিব
পুৰাতন শোকৰ শিলালিপি
কথাৰ মাজতে এবাৰ
কোনো সধৱা নাৰীয়ে কৈছিল
‘তুমি সুখী আত্মা,
গতিকে তোমাক শোকৰ কথা ক’ব নোৱাৰি৷
তুমি সদায় এনেকৈয়ে সুখী হৈ থাকাঁ,
মই দূৰৰ পৰাই চাই সুখী হ'ম তোমাৰ বাবে’
মৰমৰ শোক,
তেতিয়া তোমালৈ বৰকৈ মনত পৰিছিল৷
এইবাৰ বসন্ত পলমকৈ আহিল!
তুমি বুজি পোৱাকৈ
বুজি উঠি শোক কি অনুভৱ হোৱাকৈ
দীঘল হাতৰ চোলা এটা পিন্ধি
চিঠি এখন লিখিছোঁ,
মই এনে কি দোষ কৰিলোঁ
যি দুখত ছটফটাই
নিজৰ বিৰুদ্ধে যুঁজো
নিজকে বিচাৰি ফুৰোঁ৷
প্ৰতি,
নিশিগন্ধা
চেৰীফুল নিবাস
মাৰফৎ বিদ্যাপুৰ পোষ্ট অফিচ
পিন ৭৮১৩৩৫
***
ভ্ৰাম্যভাষ : ৬৯০১৮৫৬০৮৫
