অন্যযুগ/


হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ

 

গভীৰ এন্ধাৰে আবৰি ধৰা

চাহ গছজোপাৰ তলতেই

হীৰাৰ দৰে

জিলিকি‌ আছিল

তাইৰ হেৰোৱা আঙুঠিটো

 

আঙুঠিটো আগুৰি আছিল

এটা ক’লা ৰঙৰ সাপে

 

সিদিনা ৰাতি তাইৰ প্ৰেমিকৰ

তেজহাগনি হৈ

মৃত্যু হৈছিল

 

তাইৰ দৃঢ় বিশ্বাস

আঙুঠিটো হেৰুৱাই তাই

সকলো হেৰুৱালে

 

পিছলৈ আঙুঠি পিন্ধা

ক’লা ফেঁটী সাপ এটা

বাগানত ঘূৰি ফুৰা

সকলোৱে দেখিছিল

 

সাপটো এদিন

মৃত অৱস্থাত বাগানত পৰি আছিল

তেতিয়াই তাত এটা উপাসনা ঘৰ হৈছিল

তাই

তালৈ এদিনো

যোৱা নাছিল।

 

খং এটাই তাইক

আমনি কৰিছিল অনবৰতে!

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ