প্ৰাণজিৎ মহন্ত
১
গ্ৰীষ্মৰ আধাদিন বৰষুণতেই যায়
আমি গম নোপোৱাকৈ
জীৱনৰো আধাদিন শেষ হয়
টোপনিতেই
২
শৰতৰ জোনটো ওলোৱাৰে পৰা
নৈখনৰ মুখখন মৰা
বৰষুণ কমি আহিল
৩
গ্ৰীষ্মৰ প্ৰথমজাক বৰষুণ
সৌভাগ্যবশতঃ
মই যে তিতিলোঁ
৪
জোন আৰু বৰষুণ
মই তোমাক কোনটো ধুনীয়া বুলি কওঁ
বৰষুণৰ পাছত
***
গাওঁ -বৰসত্ৰ
ডাকঘৰ -শুৱালকুছি
কামৰূপ, অসম
পিন-৭৮১১০৩
