অন্যযুগ/


কবিতা

 প্ৰাণজিৎ মহন্ত

 

সকলোৱে ভালপায় 

ক’ৰবাত নহয় ক’ৰবাত নিজকে হেৰুৱাবলৈ 

 

কিন্তু হেৰুৱাওঁতে নিজকে 

এনেকৈ হেৰুৱালে ভাল 

 

যেনেকৈ অৰণ্যখনৰ মাজত চৰাইবোৰে 

নিজকে হেৰুৱাই 

মনবোৰ চিৰদিনৰ বাবে কৰি তোলে সেউজীয়া 

***

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ