শ্ৰী প্ৰাণজিৎ মহন্ত
তুমি তোমাৰ নহয়
কম ডাঙৰ কথা
ফুলে নাজানে
ফুল ফুলৰ নহয়
তৰাই নাজানে
তৰা তৰাৰ নহয়
মেঘে নাজানে
মেঘ মেঘৰ নহয়
আমি গৈ আছোঁ নে ৰৈ আছোঁ
আমি নেজানো
যদি গৈ থকা বুলি ভাৱিছা
গৈয়েই আছা
কেৱল মৰণৰ বাবে
যদি ৰৈ থকা বুলি ভাৱিছা
ৰৈয়েই আছা
কেৱল মৰণৰ বাবে
সঁচা
সত্য বুলি যদি
কিবা ক'বলৈ আছে এই পৃথিৱীত
সেয়াষাৰেই
পৃথিৱীৰ কোনো বস্তুই
কাৰো নিজৰ নহয়
একমাত্ৰ মৃত্যুক বাদ দি
