অন্যযুগ/


অতিক্ৰমণ

প্ৰজ্ঞান প্ৰতিম শৰ্মা


 

সূৰ্য্যস্নাতা

দুখন নৈৰ

দোমোজাৰ আন্ধাৰত থিয় হওঁ৷

মোৰ চকুৰ মণি ছেদ কৰি

পাৰ হৈ যায়

নীড়মুখী বগলীৰ জাক৷

লাহে লাহে খোজ লওঁ

সমুখৰ পিনে৷

 

মূৰত মোৰ গধুৰ শিলৰ বোজা

পাছফালে শিয়ালৰ জাক৷

মাভৈ মাভৈ৷

লক্ষ্য মোৰ

পূত সলিলৰাশি সঞ্চিত হৈ থকা

পুৰাতন হ্ৰদ৷

 

নৰশ্ৰেষ্ঠ, মহাভাগ মই৷

শিৰত প্ৰদীপ আৰু

হাতত

মণি ছিগা জপৰ মালা

এটা, দুটা, ..., দহোটা মণি৷

হায় কেন্দুকলাই কি জগৰ লগালি

সুলকি পৰিলে মূৰ৷

মাভৈ মাভৈ,

নৰশ্ৰেষ্ঠ,

মহাভাগ মই৷

 

১. Jim Corbett-এ তেখেতৰ My India গ্ৰন্থখনত নাইনি দেৱীৰ হ্ৰদৰ লগত জড়িত এটি পৰম্পৰাগত কাহিনীৰ বৰ্ণনা কৰিছে৷ সেই বৰ্ণনা Corbett-অৰ্ ভাষাতেই তুলি দিয়া হ’ল—

Rumours of the existence of the lake reached the early administrators of this part of India, and as the hill people were unwilling to disclose the position of their sacred lake, one of these administrators, in the year 1839, hit on the ingenious plan of placing a large stone on the head of a hill man, telling him he would have to carry it until he arrived at goddess Naini's lake. After wandering over the hills for many days the man eventually got tired of carrying the stone, and led the party who were following him to the lake.

২. নৰবলিৰ সময়ত পূজাৰ মন্ত্ৰত বলিক উদ্দেশ্য কৰি কোৱা হয়—“হে মহাভাগ নৰশ্ৰেষ্ঠ, তুমি সৰ্ব দেৱময় আৰু উত্তম৷...” (দ্ৰষ্টব্য: নিৰ্মলপ্ৰভা বৰদলৈৰ দেৱী)

৩. নৰবলিত ৰক্ত উছৰ্গা কৰাৰ পাছত ছিন্ন মস্তকৰ ওপৰত প্ৰদীপ জ্বলাই সেই প্ৰদীপ দেৱীক অৰ্পণ কৰা হয়৷

৪. কিনথুপ আৰু ব্ৰহ্মপুত্ৰৰ জৰীপ প্ৰসংগ৷ (দ্ৰষ্টব্য: অজিৎ বৰুৱাৰ ব্ৰহ্মপুত্ৰ)

৫. কেন্দুকলাই কামাখ্যা মন্দিৰৰ পূজাৰী আছিল৷ দেৱীৰ নৃত্য মহাৰাজ নৰনাৰায়ণক গোপনে দেখুওৱাৰ অপৰাধত তেওঁৰ মৃত্যু হয়৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ