অন্যযুগ/


পয়গম্বৰ

 সুৱদী

  

আঘোণৰ পক ধৰা এখন পথাৰ

মহমহীয়া গোন্ধ পকা ধানৰ;

নিয়ৰে তিয়াই পেলোৱা বননি গছকি

তৰামাই ঢপলিয়াই আহিছে

পয়গম্বৰ উপজিছে! পয়গম্বৰ উপজিছে!

সিদিনা আঘোণৰ বাৰ দিন গৈছে! 

 

আকাশত জোনবাইটো বৰকৈ জিলিকিছে,

পয়গম্বৰৰ চোতালত 

সৌজাক জোনাকী পৰুৱা উৰিছে

“আই তোলৈ মনত পৰিছে!”

সিদিনা ভৰ পূৰ্ণিমা!

 

পয়গম্বৰক বান্ধিব নোৱাৰি

পয়গম্বৰ স্বাধীন,

পয়গম্বৰক ৰুধিব নোৱাৰি

পয়গম্বৰ অপ্ৰতিৰোধ্য৷

 

পয়গম্বৰৰ বুকুত নাথাকে ঘৃণা

পয়গম্বৰৰ বুকুত অহৰহ কেৱল প্ৰাৰ্থনা!

 

পয়গম্বৰৰ চকুপানীবোৰ চিয়াঁহী

প্ৰাপ্ত আঘাতবোৰেই শব্দ

পয়গম্বৰৰ কবিতাবোৰেই জীৱন৷

অথচ পয়গম্বৰে কয়,

“জীৱনত কবিতা থাকিবই পাৰে,

অথচ কবিতাত জীৱন নাথাকিবও পাৰে৷”

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ