অন্যযুগ/


ফাগুন

 পৰিস্মিতা বৰদলৈ


 

পাত সৰি লঠঙা হোৱা

ডালডালেই কি ফাগুন!

হয়তো নহয়!

লঠঙা ডালত জান-নেজানকৈ

সেই যে সেউজীয়া কুঁহি

সেই সম্ভাৱনাইতো ফাগুন৷

 

ধূলিয়ৰি পথ আৰু সৰাপাতৰ খৰমৰণি

তাৰমানেই কি ফাগুন!

ওঁহো,এজাক বৰষুণৰ সম্ভাৱনা

আৰু আগতীয়া বসন্তৰ উন্মাদনা

তাৰমানেহে ফাগুন!

 

ৰিক্ততা আৰু শুষ্কতা

তাৰেই সংজ্ঞা কি ফাগুন!

মুঠেই নহয়৷

পূৰ্ণতা আৰু সজীৱতাৰ

খাটাং বতৰাৰ যি বাহক,

সেয়েতো ফাগুন৷

 

উদং বুকু,উকা চকু

তাতেই কি ফাগুনৰ ঘৰ?

নহয়তো!

 উদং বুকুকো 

ভৰাই ৰাখে যি

উকা দুচকুকো 

উজলাই ৰাখে যি

সেয়াহে ফাগুন৷

 

ফাগুন মানেতো নুবুজায়  ‘নাই’

সমস্ত ‘নাই’ৰ মাজতো

থকাৰ সম্ভাৱনীয়তাক 

অহৰহ ফাগুনেইতো 

কঢ়িয়ায়৷

 

সোঁৱৰণিৰ আন এক নাম

হ’ব পাৰে নেকি ফাগুন!

নোৱাৰে! নোৱাৰেই!

সোঁৱৰণি হ’বলৈতো 'অতীত' লাগে,

অথচ...ফাগুন 

বৰ্তমানৰ এখনি নৈ হৈ

অহৰহ অবাৰাম বৈ থাকে৷

 

উপসংহাৰঃ সৰাপাত সোঁৱৰণি হ’বই পাৰে; কিন্তু চিৰবৰ্তমান ফাগুন সোঁৱৰণি হ’ব নোৱাৰে কাহানিও৷

 

ভ্ৰাম্যভাষ-৯৬১৩৭৯৩০৭৭

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ