অন্যযুগ/


অৰণ্যই কথা কয়

লক্ষী প্ৰসাদ ৰেগন


অৰণ্যই কথা কয়
আপোনাক-মোক ভাল পোৱাৰ কথা
নিজেও বাচি থাকক, আমাকো বচাই ৰাখক-আকাৰে- ইংগিতে

দূবৰি, মানিমুনিৰ পৰা বটবৃক্ষলৈকে
অৰণ্যৰ সাংগোপাংগ
আমাতকৈ চাপৰবোৰক আমি গচকি মাৰোঁ
আমাতকৈ ওখবোৰক বুদ্ধিশক্তিৰে বশ কৰোঁ
মুঠতে আমাৰ কামত আহিলেই হ’ল
বাকী যি হয় হৈ থাকিব

ৰ’দ, বতাহ-বৰষুণক গালি শপনিৰে থকা সৰকা কৰোঁ
ৰ’দ-বৰষুণক দোষাৰোপ কৰি মৰোঁ
জগৰ কৰি নগৰ গঢ়োঁ
কুঠাৰ মাৰি হাবি ভাঙো

আজি কিছুদিনৰ পৰা অৰণ্যই কৈ আহিছে, কৈয়ে আছে

বোলে
আমি সংখ্যালঘু হ’লোঁ৷ আমাক মাৰি কাটি শেষ কৰিলে

আমি এতিয়া গভীৰ সংকটত


এই কথা মানুহক কৈছোঁ৷ বুজি উঠিলে আগলৈ ভাল

***


ভ্ৰাম্যভাষ - ৮৪৮৬৭৭৩২০২
 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ