অন্যযুগ/


পৰাশ্ৰয়ী

 প্ৰজ্ঞানজ্যোতি

 

কথাটো আছিল তেনেই নাওমান

আৰু আমি বিভিন্ন ধৰণে লুটিয়াই-বগৰাই তাকেই নিজা নিজা ভাষাৰে কৈ আছিলোঁ অতকাল

 

কিন্তু তোমালোক আছিলা এই মাটিৰ উৰ্বৰতাক লৈ ভীষণ সংকুচিত

বোধকৰোঁ ভাষাটোৰ প্ৰকাশিকাক লৈয়ো৷ সেয়ে ধূলি জোকাৰাদি জোকাৰি আছিলা আমাক

 

পিছে কালি হঠাৎ আমি অতকালে কৈ থকা কথাটোকে বিখ্যাত দাৰ্শনিক পব্লেইচ কাৰ্টে ক’লে

 

এতিয়া এটা যাদুৰ দৰে তোমালোক এদণ্ড ৰৈ দিলা আৰু সমীহ চাৱনিৰে ঘুৰি চালা আমালৈ

 

পব্লেইচ কাৰ্ট! এবাৰ ধন্যবাদ বুলি ক’বলৈ তুমি যদি সঁচাকৈয়ে এটা সঁচা চৰিত্ৰ হ’লাহেঁতেন!

 


 

ভ্ৰাম্যভাষ :  ৯৯৫৪৮৩৯৪২৭

Email: pragyanjyouti84@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ