(প্ৰিয় শিল্পী জুবিন দা-লৈ)
পাপু মজুমদাৰ
সময়ৰ কিয় মৃত্যু নহ’ল ?
সময় নিৰ্মম
নিষ্ঠুৰ
সময়ে কিয় কাঢ়ি নিলে
তোমাক ?
আজি বিশ্ব স্তম্ভিত,
সংগীত বাকৰুদ্ধ
আমি কিয় চিঞৰিছো
তুমি নাই,
তুমি নাই বুলি....
এয়া যে
আমাৰ বাবে
অকল্পনীয়,
অবিশ্বাস্য.....
সময় সচাঁকৈয়ে
বৰ মিছলীয়া
আমাৰ কণ্ঠ কাঢ়ি নিলে.......
তুমি
তথাপিতো
ৰৈ যাবা
আমাৰ উশাহৰ
মাজত !
তুমি এটি
যুগৰ স্ৰষ্টা,
আমাৰ এতিয়াৰে পৰা যেন
এটাই পৰিচয়
আমি জুবিন যুগৰ মানুহ,
আমি জুবিন দেশৰ মানুহ.....
ভ্ৰাম্যভাষ : ০৯৮৬৪২০১৭৭৯
