(প্ৰিয় শিল্পী জুবিন দা-লৈ )
নয়ন মণি মিশ্ৰ
“𝘽𝙚 𝙡𝙞𝙠𝙚 𝙒𝙖𝙩𝙚𝙧......”
পানীৰ দৰে হোৱা
যাৰ কোনো দম্ভ নাই,
যাৰ কোনো বিভেদ নাই
আছে মাথোঁ
সমন্বয় গঢ়ি তোলাৰ অদম্য হেঁপাহ...
একাবেঁকা পথেৰে অহৰহ
আগুৱাই যোৱাৰ
এই অদম্য মানসিকতাই
তাৰ পৰিচয় !
সকলোকে স্নিগ্ধ কৰি তোলাৰ
বাবেই যেন
তাৰ জীৱন,
ঠিক যেনেকুৱা তোমাৰ !
ভ্ৰাম্যভাষ : ৮৪০৩৮৪১৬১৭
