অন্যযুগ/


অকথিত পদ্য

চন্দন বৰ্মন

  

(১) 

সিদ্ধান্ত 

 

দেৱাল গঢ়িলে ঘৰ

ভাঙিলেই পৃথিৱী

চকু নমালে এডোখৰ মাটি

উঠালেই অনন্ত আকাশ৷

 

(২) 

পিৰালিৰ গান 

 

হাজাৰ বছৰ কাটি যায়৷

এটি নিৰ্জন সন্ধিয়াই 

মোৰ ঘৰৰ পিৰালিত বহি

তমোময় গীত গায়৷

 

(৩)

ব্যৰ্থতা

 

খিৰিকি মুখেৰে চাই থাকোঁতেই 

কাটি গ’লে মোৰ জীয়ন সময়

মই কেনেকৈনো পাওঁ তোমাক,

দিগন্তত খুজিছিলোঁ সুখৰ আশ্ৰয়৷

 ***

ভ্ৰাম্যভাষ - ৯১০১০৪৬৮১০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ