অন্যযুগ/


সপোনৰ দুৱাৰত

ঋতুবাস্তৱ হাজৰিকা


ৰাতিৰ নিৰ্জন দুৱাৰত

কোনোবাই টুকুৰিয়াইছিল

হয়তো মোৰেই কোনো অচিনাকি সত্তা


শব্দবোৰে কাপোৰ সলাই

নীৰৱতাৰ ভাষা পিন্ধিছিল

দুটা ছাঁ কাষ চাপি আহিছিল


স্পৰ্শাতীত কোনো অনুভৱৰ ঢৌ

যি দোকমোকালিতে

মোৰ বুকুত এৰি গৈছিল

এক অচিনাকি উষ্ণতা


সাৰ পাওঁতে কাষত কোনো নাছিল

চেতনাত এটা ভগা সপোন

এটা নামহীন প্ৰশ্ন৷

***

ঠিকনা :

শব্দালয়, গোলাঘাট

ফোন : ৯৩৬৫৫৩২২২৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ