বিনিময় দাস
তুমি যিমানেই থাকাঁ নিঃশ্চুপ,
একো কথাকে নোকোৱাঁ,
মই জানো, তুমি মোক ভাল পোৱাঁ৷
যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত,
মই অনুভৱ কৰিছো নদীৰ উজান৷
যদিও হেঁপাহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত,
মই শুনিছো অন্তৰ তৰঙ্গত জীৱনৰ গান৷৷
যদিও তোমাৰ হৃদয়ৰ অৱস্থান গোপন ঘৰত,
মই হৃদয়ঙ্গম কৰিছোঁ তোমাৰ আৱেগিক চকুলো৷
যদিও তোমাৰ প্ৰেমৰ মিঠা ভাষা কঁপিছে জাৰত,
মই তোমাৰেই বাগিচাৰ পৰা গোলাপ ফুল তুলো৷৷
আচলতে –
প্ৰেম যিমানেই থাকক নিঃশব্দ,
যিমানেই নহওক কিয় অপ্ৰকাশ,
প্ৰেমে কেতিয়াও বাধা নামানে –
অজানিতে চুই যায় সিটো প্ৰান্তৰ আকাশ৷
***
ঠিকনা :
ইটাচালি, নগাওঁ৷
ভ্ৰাম্যভাষ – ৯৪৩৫৫৩৭৫৯১