অন্যযুগ/


মৃত‍্যু

দিগন্ত শইকীয়া


মৃত‍্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছে

ভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত‍্যুকথা মৃত‍্যুগান 

হতাশাত মৃত‍্যু হুমুনিয়াহত মৃত‍্যু ওকালিত মত‍্যু বমিত মৃত‍্যু

ৰাতিৰ এন্ধাৰত মৃত‍্যু ফ্লেশ্বলাইটৰ জোনাকীত মৃত‍্যু

জোতাৰ গিৰিপনিত মৃত‍্যু হাৱাই চেণ্ডেলত মৃত‍্যু 

উকা ভৰিত মৃত‍্যু হুইলচেয়াৰত মৃত‍্যু

মৰ্গত মৃত‍্যু ৱাৰ্ডত মৃত‍্যু স্কুলত মৃত‍্যু কলেজত মৃত‍্যু

দপ্তৰত মৃত‍্যু দৰবাৰত মৃত‍্যু নাৱত মৃত‍্যু বিমানত মৃত‍্যু 

নদীত মৃত‍্যু সাগৰত মৃত‍্যু পাৰত মৃত‍্যু পানীত মৃত‍্যু

সেউজীয়া পাতে পাতে মৃত‍্যু অ'লি গ'লি বাটে পথে মৃত‍্যু

বেনাৰত মৃত‍্যু ফেষ্টুনত মৃত‍্যু গানত মৃত‍্যু শ্ল'গানত মৃত‍্যু

জুপুৰিত মৃত‍্যু দালানত মৃত‍্যু ক্ৰন্দনত মৃত‍্যু বন্দনাত মৃত‍্যু

সদনত মৃত‍্যু ভাষণত মৃত‍্যু ঘোষণাত মৃত‍্যু পৰিৱেশনাত মৃত‍্যু

নীতিত মৃত‍্যু ৰাজনীতিত মৃত‍্যু পথাৰত মৃত‍্যু বজাৰত মৃত‍্যু 

জাতিত মৃত‍্যু মাটিত মৃত‍্যু ভেটিত মৃত‍্যু খেতিত মৃত‍্যু


গাঁতৰ শিয়ালবোৰক খেদি ফুৰিছে মৃত‍্যুভয়ে

ঘঁৰিয়ালবোৰক খেদি ফুৰিছে মৃত‍্যুভয়ে

সাপবোৰক খেদি ফুৰিছে মৃত‍্যুভয়ে

ফেচিষ্টবোৰক খেদি ফুৰিছে মৃত‍্যুভয়ে

ব্ৰুটাছবোৰক খেদি ফুৰিছে মৃত‍্যুভয়ে

 

একেখন আকাশৰ তলত গোষ্ঠীবদ্ধ মানুহ মৃত‍্যুৰ বিপক্ষে

মুখে মুখে বৃন্দগান মৃত‍্যুৰ বিপক্ষে

ৰেটিনাত ৰঙা জুই মৃত‍্যুৰ বিপক্ষে


এই প্ৰথম দেখিলোঁ মৃত‍্যুক ইমান অসহায় কাতৰ

এই প্ৰথম দেখিলোঁ মৃত‍্যুক ইমান যাতনা জৰ্জৰ

এই প্ৰথম দেখিলোঁ মৃত‍্যুক ইমান লাঞ্চনা জঠৰ


এই প্ৰথম দেখিলোঁ মৃত‍্যুত সমাহিত অৰ্থ জীৱনৰ

***



                                     


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ