অন্যযুগ/


অচেতকনামা

দ্বীপৰাজ

 

ফুটাইদি চোৱাটো বায়’স্কপ নিগেটিভ

চকুত চেলাউৰিৰ চুম্বন নৌ হওঁতেই তলনী বুৰ গৈ

একুৰা জুই ।

 

খোলা খিৰিকিৰে নাচাওঁ বুলি থাকিবতো নোৱাৰি

আলনাডালত ৰঙীন চচমা

ড্রইংৰূমৰ চোফাত কপাহী চমক

বেৰত ওলমি থকা ভেন গঘৰ কাউৰীৰ ছবিত লিখা আছে

We are still alive

আৰু কতবেলি ? ৰাতিটোত বাঢ়ি আহে ভয়।

ছুগাৰ, প্ৰেছাৰত আধাকণা

 

ঘৰটোত মকৰাজাল বাঢ়িছে। জেঠী বাঢ়িছে৷

পৰুৱাৰ ফুলশয্যাৰ পাছত মাটিত কেইবাশ ফুটা৷ ৷ গা জ্বলা সন্ধিয়াৰ

টোপাল চুপি মূৰটো ফিচা কঁকাল চিচা।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ