ৰেমী শৰ্মা
এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে
পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ
ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই
চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল
চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে
চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ কৰিছে
-
সশস্ত্ৰ সংগঠনৰ কোনোবা এজনক গ্ৰেপ্তাৰ কৰিছে সীমান্তত
তাৰ তিনি বছৰীয়া ল’ৰাটোৱে ...
-
এঃ বাদ দিয়াঁ সেইবোৰ
প্ৰেমিকা জকজকাই উঠিছে খঙত
- প্ৰেমৰ কথা কোৱাঁ মোৰ চকুলৈ চোৱাঁ
তাৰ পাছত ওঁঠলৈ, তাৰ পাছত ...
-
ধেই ইমান সহজ নে
প্ৰেম কৰা আটকৰ দিনত
-
আটক ! কিহৰ
ধানৰ নে লোণৰ
-
একো নাই দিয়াঁ সকলো আছে
আহাঁ প্ৰেম কৰোঁ, চাওঁ তোমাৰ হাতখন
অঃ মোৰ ভোক লাগিছে
আজি ঘৰত চাউল নাই
বাবাই তামোল বিকিব পৰা নাই
দৰ কমি গৈছে হাটত
- একো নাই দিয়াঁ তেতিয়ালৈ আমি চুমা খাম
- ধেৎ
কেঁচা কঁঠাল খাবা ?
- অবতৰত !
- আমাৰ ঘৰত বাৰ মাহে লাগে
- হাতখন এৰাঁ
-
দেখিলে দেখক দিয়াঁ পৃথিৱীয়ে
কিনো আহে যায়
ভোকৰ পেট আৰু আটকৰ চকু এতিয়া অভ্যস্ত
সৌৱা চোৱাঁ তিৰবিৰাই আছে
কুকি ছোৱালীৰ
আনাৰসৰ দৰে যোনী
হাঁহৰ দৰে স্তন
----
ঠিকনা :
নগাঁও
ভ্ৰাম্যভাষ : ৯১৬০০০৭১৭৮০০