অন্যযুগ/


ৰুটী

দাদুল ভূঞা



এখন ৰুটী সমানে দুভাগ কৰি

এভাগ নিজেই ল'লোঁ

আৰু আনভাগ দিলোঁ— তোমাক


বাকী থাকিল কেৱল শূন্য


আহাঁ, শূন্যটোক দুভাগ কৰোঁ

এফাল তোমাৰ

এফাল মোৰ


তুমি তোমাৰ পৰা ওলাই আহিছা

মই মোৰ পৰা


আহাঁ—

গাণিতিক সমীকৰণত গঢ়ি তোলোঁ

সমতুল্য সমানুপাত


***


ঠিকনা :

মাগনি, গহপুৰ, বিশ্বনাথ-৭৮৪১৬৮

ফ'ন : ৮৬৩৮৭১১৯৭৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ