অন্যযুগ/


ছবিত নথকা কথাবোৰ

প্ৰাঞ্জল হাজৰিকা


বৰষুণ মানুহ


ছবিয়ে আপোনাক বিমোৰত পেলাব পাৰে

সঁচা-মিছাৰ মাজত

বলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ 

আকাশত ওপঙি আছে

খিৰিকী খুলিলেই 

আপোনাৰ মুখ তিয়াই পেলাব পৰাকৈ সিহঁত উলম্ব

ছবিৰ এই প্ৰলোভনক 

আপুনি বিশ্বাস কৰিব‌ই লাগিব

কাৰণ আপুনি তিতিছে 


বেশ্যালয়


যৌনতা উদযাপন কৰিবলৈ 

আপোনাক এপে'গ্ ভড্কাৰ প্ৰয়োজন


বেশ্যাবোৰ আছিল খুবেই ৰঙীন

মতা মানুহৰ দৰে আচৰণ

নিমিষতে নাঙঠ কৰিব পৰাকৈ

সিহঁতৰ ওচৰত সময় মুঠেই কম

আপুনি সূক্ষ্মভাবে ইংগিত দিলে

শুকান ওঁঠ আৰু ভোকাতুৰ দেহবোৰ

এতিয়াই জঁপিয়াই পৰিব ।


চিঞৰ


অসুস্থতা কি মুংখে জানে

আন্ধাৰৰ সৈতে চতুৰালি কৰিব পৰাকৈ 

তেওঁ বিছনাখনক বশ কৰিছিল স্বপ্ন নগৰীত


ছবিখনৰ বাহিৰত থকা আপোনালোকে

এই ভুলটো কৰিলেই

মুহূৰ্ততে শয্যাশায়ী হৈ পৰিব

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ