বিনিময় দাস
মানুহজনে সদায় নিজৰ ব্ৰেকফাষ্টৰ পৰা অলপ ৰুটি
বেলকনিয়েদি ফুটপাথত পেলাই দিয়ে –
ৰাস্তাৰ কুকুৰ আৰু চৰাইবোৰে খাবলৈ ৷
মানুহজনে খোৱাখিনি দি আৰু ৰৈ নাথাকে –
ব্যস্ত হৈ পৰে নিজৰ কামত যাবলৈ ৷
মই আজি সেইফালেই গৈছিলোঁ,
চৰাই বা কুকুৰ, আজি এটাৰো দেখা-সাক্ষাৎ নাই ৷
শূন্যস্থান পুৰ কৰিছে
আঠ/ন বছৰীয়া এটা নাঙঠ ল’ৰাই -
ফুটপাথত বহি বহি আপোনমনে চুবাই আছে এটুকুৰা ৰুটি ৷
ভ্ৰাম্যভাষ : ৯৪৩৫৫৩৭৫৯১
