অন্যযুগ/


ন্যায়!

 ৰৌচন আলি


হঠাৎ আদালতৰ কাঠগড়াত 'আইন' আৰু 'ন্যায়'ক

হাজিৰ কৰোৱা হ'ল


সন্মুখত এদল মানুহৰ মাজত 

দুৰ্বাদল কাজিয়া 

এটি মৃতদেহক লৈ টনা-আঁজোৰা


বিচাৰপতিয়ে 

আৰম্ভ কৰিলে বিচাৰ


বিচাৰৰ আৰম্ভণিতেই বিচাৰপতিয়ে

'ন্যায়'ক প্ৰশ্ন কৰিলে-

মৃতদেহটোৰ মৃত্যুৰ পূৰ্বে 'ন্যায়' ক'ত আছিল?

মৃত্যুৰ সময়ত 'ন্যায়' ক'ত আছিল? 

মৃত্যুৰ পাছত 'ন্যায়' ক'ত আছিল ?


'ন্যায়ে' ক'লে আইনক সোধক, 

আইনকো একেবোৰ প্ৰশ্নকে কৰা হ'ল।


মৃতদেহটো টনা-আঁজোৰা কৰা

সন্মুখৰ মানুহ দলৰ ফালে 

আইনে আঙুলিয়াই ক'লে-

সিহঁতেই আমাৰ ৰক্ষক

মৃতদেহৰ ভক্ষণৰ লোভতেই

ইয়াত অলপতে নিষিদ্ধ কৰা হ'ল আমাক! 

সেয়ে

গান্ধাৰীৰ দৰেই

চকুত বান্ধি লৈছোঁ ক'লা কাপোৰ। 


চকুত ক'লা কাপোৰ বন্ধা দেখি 

ন্যায় বিচাৰি হাবাথুৰি খোৱা 

জনতাই ক'লে-

আইন এতিয়া অন্ধ ! 


ন্যায় ক'ত ? 


বিচাৰপতিৰ সন্মুখত নিৰৱে আদালতত বহি থকা

'অন্যায়ে' তাচ্ছিল্য হাঁহি এটা মাৰি

চাই থাকিল 'আইন'ৰফালে..


আদালতৰ আগেদিয়েই

প্ৰতিবাদৰ মিছিল এটাই 

হাতবাউল দি আঁতৰি গ'ল


শ্ল'গানবিহীন 

ৰাজপথত আইনে বিচাৰি আছে কাক? 

ন্যায়কনে

অন্যায়ক! 

***

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী), পিন- ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ