অন্যযুগ/


প্ৰসংগত ৰবিৰ নতুন বৌঠান

মিণ্টুল হাজৰিকা

 

শুকাই কাঠ হোৱা ডিঙি

বনৰীয়া লতাৰ দৰে একোছা চুলি

বুকুত সাবটি বুৰ মৰা বেলি

 

নতুন বৌঠান হালধীয়া কেন্‌ভাছ

 

ওলমি থাকে

গজালৰ সাংসাৰিক ড্ৰয়িংৰুমত

 

শ্বেত মুখবলয়ত হৰিণনিশাৰ বিষাদ

চকুজুৰিত বৰলীয়াই বান্ধ ছি‍ঙি বুৰাই মৰা

বাৰিষাৰ বামুণবড়ীৰ পোহৰছবি

ওঁঠত বালিয়ে পুতি পেলোৱা শ শ বছৰ পুৰণি বাসনালিপি 

 

শাওণৰ মেঘালী আকাশ গৈ নীলা হওঁতেই

জুইকুৰাই পুৰিছিল কি

আইৰ জন্মৰ নাড়ী

 

টোমৰ ভিতৰত পৰি ৰল অনাৱিষ্কৃত এটি সাঁথৰ

 

থিয়দঙা দিয়া কৈশোৰ-যৌৱনৰ পূজাভাগ

সুন্দৰৰ থাপনাত কুঁৱলী ৰঙৰ  

 

ৰঙা ইটাৰ অন্তেষপুৰত কাৰাৰুদ্ধ অলেখ বসন্ত

বসন্তোৎৱত সেয়েহে নিতাল ভোমোৰাৰ কুঞ্জ 

 

সেয়া কি আছিল ফুলশয্যা

নে আদিৰসত মজিছিল গানৰ মজলিছ

 

যাৰ নখক দাপোণ বুলি খোপাত কপৌ গুজিছিল

সেই নখো এদিন বিদ্যাৱতীৰ বিৰহী ৰসত সাজি দিছিল চিতা!

(টোকা : নতুন বৌঠান :  নবৌ)

 

ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

 

 



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ