ড০ নিতালী বি কোঁৱৰ
(উৎসৰ্গা : জুবিনগাৰ্গ )
তুমি নাই !
তথাপি তোমাৰেই উপস্থিতি,
মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত।
আনবাৰৰ দৰে নাহৰ এইবাৰো ফুলিছে।
সেই একেই কোমল শুভ্ৰ পাহি আৰু সোণালী বুকু,
যেন তোমাৰ স্নিগ্ধ হাঁহি আৰু কুহুমবুলীয়া কলিজাটো
তাৰে দুপাহ
বৰ
যতনেৰে সজাই থৈছোঁ,
তোমাক যেনেকৈ সজাই থৈছোঁ হৃদয়ৰ সেউজীয়াত
নাহৰৰ মিঠা গোন্ধটো
ঘূৰি ফুৰিছে মোৰ কোঠাটোত।
আৰু ই যেন
মোৰ নিশ্বাসত মিহলি হৈ
কাণে কাণে কৈ আছে-
তুমি আঁতৰি যোৱা নাই!
তুমি নাই বুলি কোৱা যায়নে?
এই নাহৰ, এই সুৱাস, এই গান, এই স্মৃতি
...
সকলোতে তুমি !
গোৱানা আকৌ এবাৰ-
“নাহৰ ফুলাৰ বতৰ,
নাহৰ মোৰ মৰমৰ।
ঐ নাহৰ, ঐ নাহৰ, ঐ নাহৰ, আনিছনে বহাগৰে
খবৰ...”
