নিৰোদ গোহাঁই
আৰু কিছুমান ঘটনা ঘটিবলৈ বাকী আছে
নঘটা আগতে
বাটতে ৰৈ ভাবোতে
গছ এজোপাই মোলৈ চাই হাঁহি আছিল
আমৰলি এজনীয়ে কামূৰি দিছিল
হেৰাই যোৱা আঁতডাল বিচাৰোতে
পাহাৰখন নীলা হৈ আহি
এইখিনিতে ৰৈ
এসোঁতা কান্দিলেহি
কথাবোৰ আগৰ দৰে
পানীখিনি আগৰ দৰে
পথাৰখন পাহাৰখন
একোৱে নহয়
মই মাথো চক খাওঁ
যেতিয়া ৰাতি বৰষুণ দিয়ে
বতাহ বলে
মই শুনো কেৱল
নেপালীখুঁটিৰ চিঞৰটো
