মৃদুল কুমাৰ বৰ্মন
জ্বলি আছোঁ
অথচ ছাই হ’ব পৰা নাই
পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে
পাগুলি পাগুলি ফু দিছোঁ
মোৰ মৰি অহা বাঁহীটোত
সুৰবোৰ ধোঁৱা হৈ উৰিছে
মানুহ চগা নহৈ পাৰেনে
সময় যেতিয়া জুই হয়
সীমাৱদ্ধতাৰ সীমামুৰীয়াত মোৰ শীতল চকুযুৰি
যেন এখন বুৰঞ্জীৰ বাহক
বেশ্যাৰ বেষ্টনীত পান কৰা যৌনতাৰ নিচা
নিৰলে মোৰ চকুৰ কোটৰত
হাতীমুৰীয়া পাহাৰখন হৈ মই মেলি দিছোঁ
মোৰ বুকুৰ শিলছটা
বাগৰি অহা এটি শিলে মোক জ্বলাইছে
জ্বলন জুইৰ যমজ
ঠিকনা :
২২, দক্ষিণ শৰণীয়া
বৈকুণ্ঠ পথ, গুৱাহাটী -৭
ফোন: ৯৮৬৪০ ৭৭৭৯৮