অন্যযুগ/


বানপানী

 মনালিছা শৰ্মা


 

শূন্যৰ পৰা শূন্যলৈ যোৱা অংকটো কেৱল

নিসৰ্গয়েহে জানে৷

 

যোগ-বিয়োগৰ ব্যাকুল জীৱনে

তৎ নাপাওঁতেই

সহসা জলধিয়ে বুৰাই নিয়ে

কালৰ পাটিগণিত

 

কেউফালে ওপঙি উঠে

পানীকৃত শৰীৰ

পানীকৃত সংসাৰ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ