অন্যযুগ/


বনে-বিৰিখে

মধুমিতা মহন

 

 

কিছু দিনৰ আগেয়ে

কাণ বাগৰি অহা গানবোৰ

আমাৰ চোতাল জুৰি বিৰবিৰাই

আছিলেহি

 

চাবলৈ ভাল আছিল

উঠা নমা কৰি থকা

বৃষ্টিৰে পৰিপূৰ্ণ জলছবি, পথাৰে পথাৰে

জেঠৰ আকাশৰ আগে আগে

 

ঋতুৰ আয়োজন ইমান বিশাল

ফুল-ফলৰ সৈতে

ভ্ৰমৰৰ আন্তৰিক কথোপকথন!

জিলমিল ৰ’দত, মুগ্ধতাৰে

থৌকিবাথৌ ভৰুণ দিন ।

 

বেজাৰ দিবলৈকে আকৌ,

আহিল এজাৰ !

আকাশ ওন্দোলোৱা

মেঘৰ ছবিখনি,

কথা তৰংগ সামৰি-সুতৰি

বিয়নীসাবটা মেল

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ