মিণ্টুল হাজৰিকা
ইমান বিষাদৰ দিন
নৈ ওফন্দি উঠা বাৰিষা
ভোকে আহি গচকিছিল
মাথাউৰিৰ ৰাজহাড়
কমলাৰ কপালৰ লিখন
ঘোলা কণীৰ কুহুমটোৰ দৰে
মায়াৰ পৃথিৱীক জলাঞ্জলি দি
জলসমাধি লৈছিল
অপৰিপূৰ্ণতাই ওঁঠত বৰলৰ বাহ সাজিছিল
তপত হৈ আহিছিল উশাহৰ অন্তৰমহল
তেতিয়াও ৰাতিৰ দেৱালৰ ঘড়ীটোৰ দৰে
বুকুত গন্ধৰ্ব সময় দৌৰিছিল
পুৰণা তাৰিখৰ সমাধি উঠি আহি
সান্ত্বনাক সধৱাৰ বৰ দিছিল
কমলাৰ বানে মৰা ফুলনিত তেতিয়াও
একাঁঠু পানীয়েই আছিল
সিঁচি সিঁচি মাছ ধৰিব পৰাকৈ
আকৌ মাটি চহাই শইচ সিঁচিব পৰাকৈ
পঞ্জিকাখনত কোনো মাংগলিক দিনত
গোলকৈ ৰঙা চিন দিয়া নাছিল
আজিও চক খাই উঠে শিতানৰ গাৰু
হুৰমূৰকৈ সোমাই অহা নিমখীয়া ৰাক্ষসী ঢৌৱে
বিশ্ৰামৰ টোপনি হাৰাম কৰে
শিল ভঙা কলৰ আকাশ ফলা চিঞৰ এটি হৈ
তাইৰ তল পেটত বাঢ়ি অহা
দশক গৰকা মঙহটুকুৰাই
শিবিৰৰ বাঘৰ কামোৰখিনিত নিমখ দি চাকে
হায় হায় জনম দুখুনীৰ মৰিও শান্তি নাই
ৰাতিৰ দেহৰ প্ৰতিডাল নোমেই
তাইৰ উষ্ণ বুকুত সাগৰ এখন মথে
গৰল বিষত নীলা পৰে মূধচৰ লঘোণীয়া জোন
গৰ্ভৱতী স্মৃতিৰ এৰি অহা খোজ বিচাৰি ফুৰোঁতে
সেই উষ্ণতাই ধনগুলৈ গধূলিৰ গাত
ভূমিকম্প তোলে
নিচুকনি গীত এটিৰ সৈতে
উৰুৱাই দি চিলনীৰ সাধু
মেখেলাৰ কাইমা পটিটো নখেৰে বিদাৰি বধ কৰে
ৰঙা জবা সৰি পৰা ঢৌখিনি দেখি
জুইৰ গাত থৰথৰকৈ কঁপনি উঠে
কোনো ঋতুৱেই ইচ্ছা থাকিলেও
আঁকোৱালি ধৰি ৰাখিব নোৱাৰে
আজীৱন নিজৰ স্থান
ঠিক সময়তে ঠাই এৰি অন্তৰ্ধান হয়
নিজৰ ভিতৰতে
এতিয়া আৰু কমলাৰ সেই ৰাই-জাই যৌৱন নাই
আছে মাথোঁ শৈশৱত লগ পোৱা
উখুৰা ৰিজাৰ্ভৰ সৰু সৰু ভেটি
য’ত বেদনাৰ সৈতে পিঁপৰাবোৰে জীয়াই থাকে
আস, পিঁপৰা আৰু কমলা
দুয়ো বানত ভাহি অহা
ইচ্ছা কৰিলেই উচ্ছেদ কৰিব পাৰি
সোণৰ যৌৱন
অথবা শান্তিৰ নিদ্ৰা
কমলা,
এতিয়া তলসৰা শৰতৰ এটি শুকান কাহ !
ফোন নং : ৮৬৩৮২৫৯০৭৩
