=
বিজয়কৃষ্ণ দলে
দুখন দেশ
দুটা ধৰ্ম
বিভেদৰ এখন বৃহৎ দেৱাল
জম্মু-কাশ্মীৰ।
তই হিন্দু! জুই-পানী নিষেধ
তই মুছলমান! সাৱধান সাৱধান।
ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল
এফালে হিন্দু আনফালে মুছলমান।
হিংসা-বিদ্বেষ অৰিয়া-অৰি
স্বাধীনতা দেশপ্ৰেম পাবত গজা
চৰকাৰ নেতা কাঠফুলা
সন্ত্ৰাসবাদ-উগ্ৰবাদ ৰঘুমলা।
কাহানিও শেষ নোহোৱা এই কাহিনী
কাহিনীৰ উৎস ৰাজনীতি
কাহিনীকাৰ ক্ষমতাৱান
পৰিচালক প্ৰযোজক স্বাধীনতা
দৰ্শক মানৱতা
কাহিনীৰ মাজে মাজে
গুলীয়াগুলী দৌৰাদৌৰি
চিঞৰ-বাখৰ তেজ মৃত্যু
নিতৌ জীয়া মাতবোৰে পাঠ কৰে সমাধি-কবিতা।
ছহিদ প্ৰণামো তোমাক।
ছহিদ প্ৰণামো তোমাক।।