অন্যযুগ/


খেৱালি জাল

গজেন মিলি

আপুনি মোক সান্নিধ্য দি আহিছে চকু মেলাৰে পৰা
সহায়ৰ হাত উজান দিছে দুখৰ ক্ষণত
আপোনাৰ পৰাই শিকি দুখৰ দিনত আনলৈ
সহায়ৰ হাত আগবঢ়াওঁ
 
অন্ততঃ দুজনক  যি বিপদৰ এন্ধাৰত বুৰ গৈছে
তেওঁলোকেও শিকক সহায় কৰিবলৈ
 
জীৱনটো খেৱালি জাল 
যি ক্ৰমান্বয়ে তললৈ বহল হৈ গৈ থাকে
 
সহায়ৰ হাতো হওক খেৱালি জাল 
আপোন মানুহৰ সংখ্যা বাঢ়ি গৈ আছে
 
হয় হয়, গুড়ি‍ পৰুৱাও মাউখি উঠিব পাৰে
 
খেৱালি জালখন বহলি পৰক পৃথিৱী পুখুৰীত

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ