অন্যযুগ/


নাঃ বগা ৰং নালাগে

 মনালিছা শৰ্মা

 

ৰংহীনতাই বগা

বগাত তুলি দিব পাৰি সমস্ত ৰং

 

এপাহ তেজৰ গোলাপ

সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী

অথবা পৰ্বতৰ ভংগীল সেউজীয়া

সকলো ৰঙেই জীৱনৰ

 

ৰংবোৰে লগত লৈ ফুৰে

গাঁৱৰ নিৰ্জনতা

আৰু নগৰৰ কোলাহল

ৰংবোৰ অৰণ্যৰ বসন্ত

বাঁহনিৰ বাজি থকা বাঁহী

 

ৰংবোৰ শৈশৱ

বকুল তলৰ লুকাভাকু

ৰংবোৰ শালত বছা বুটা

আইৰ কপালৰ দগমগীয়া ফোঁটা

 

ৰংবোৰ প্ৰেম আৰু বিশ্বাস

সমস্ত ধুনীয়াৰে আলোকিত হোৱা ৰংবোৰ চৰাই

 

ৰংবোৰে লুকুৱাই থয় শ্বেতাংগৰ দাসত্বত শৰাশায়ী হোৱা

ক’লা বৰণীয়া সাধুৰ ইতিবৃত্ত

 

ৰংবোৰ বিপ্লৱ আৰু স্বাধীনতা

ৰংবোৰ কিতাপৰ পাতত ভাঁজ কৰি থোৱা মানচিত্ৰ।

 

নাঃ বগা ৰং নালাগে

মৃতকৰ কফনখনৰ দৰে

বিস্মৃতিৰ বৰফো বগা।

 

ৰংবোৰেই থাকক বিশ্বস্ত হৈ

কেঁচুৱাৰ প্ৰথমটো কান্দোনৰ দৰে

চুমা আৰু গানৰ দৰে_

ৰংবোৰেই তৰ্জমা কৰি থাকক

অন্ধত্বৰ অন্ধকাৰ আৰু

মৌনতাৰ বেৰত ওলমি থকা জীৱনৰ

বোবা কেনভাছ।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ