অন্যযুগ/


হাঁহিচম্পা

 

অৰ্চনা ঠাকুৰীয়া



আজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰা

কোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে 

জোনৰ মুখতো দুখৰ দাগ


আমি কেইগৰাকীমান লগ হ'লেই খুব কথা পাতোঁ

ৰাজনীতি, সমাজনীতি, প্ৰেমনীতি আৰু বহুতো...

মাজে মাজে পানীবিধেৰে ডিঙি তিয়াই

হেকেটি বিহুও গাওঁ 


কথাৰ যুদ্ধই মানুহৰ বাবে সৌৰভ কঢ়িয়ায় নে গৌৰৱ

অনৰ্থক টিপ্পনিবোৰে মূৰটো গৰম কৰি তোলে

ইমানেই অশান্তিনে মানুহৰ...

মোৰতো শান্তিয়েই শান্তি

কাৰোবাক লাগে যদি ধাৰলৈও দিব পাৰোঁ


কথাবোৰ খেলিমেলি লাগে

কচুৰ পেঁপাহেন ক্ষীণ ইণ্টাৰেষ্ট খুৰাৰ টিকণিডালে

আটাইবোৰ কথা টানি টানি বান্ধে


অলপতে নাটক এখন চাইছিলোঁ

নাটকৰ সাৰাংশটো সংক্ষেপে আছিল এনে ধৰণৰ-

কৃষ্ণই হেনো আজিকালি বাঁহী নবজায় 

সেয়ে গোপ-গোপীৰ দুখেই দুখ, অশান্তিয়েই অশান্তি...


সেয়ে 'বেল-বুং-ৰাম চেঙেলীয়া' আলিৰ বাঁহৰ বেঞ্চিখনত বহি পৰিকল্পনা কৰিলোঁ এখন নতুন নাটকৰ

নাম 'দুখীৰামৰ সুখী সংসাৰ'

নায়িকা- বগী গাভৰু

তাইৰ গালৰ মাহটো চূণ-নিমখ-কলাখাৰেৰে ছাৰ্জাৰী কৰি উভালি মাটিৰ লেপন দি চিকচিকিয়া কৰা হ'ল


জোনৰ মুখত এতিয়া ডালিমগুটিয়া হাঁহি

আৰু সন্ধিয়াটো- হাঁহিচম্পা

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ