অন্যযুগ/


প্ৰেম

ময়ূৰী কাকতি 


প্ৰেম সৰল
মাতৃৰ মমতাত বাঢ়ি অহা ভ্ৰূণটোৰ দৰে
নিষ্পাপ কেচুৱাটিৰ দৰে 

যি স্পৰ্শৰ উত্তাপত ঠন ধৰে,
কলকলাই ওমলে
আৰু মৰমৰ প্ৰতিদান দিয়ে 

প্ৰেম সপোন এটিৰ স্বতস্ফূর্ত গুঞ্জন ...
অহৰহ বৈ থকা এটি ৰাগ..
আঙুলিত ধৰি ধৰি খোজকঢ়া সময় ,
নহলে বেসুৰা,বিৰাগ ...

সুৰবোৰ একোটা কঠিনতম কছৰৎ
বৰষুণ পাই লহপহকৈ বাঢ়ি অহা  শ্যামল ঘাঁহনি 
 
প্ৰেম সুখ 
দুখত আশ্বাসৰ আলিংগন  

প্ৰেম কেৱল প্ৰেম
কবিতা বা 
আন একো নহয় 
              
ফোন  : ৬০০৩৮০০৪৭৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ