মানসী গগৈ
এডিঙি পানী একঁকাল বোকা
পোত গ’ল ৰং-তুলিকা
দিখৌপৰীয়াৰ দুৰ্দশাৰ ছবি কেনেকৈ আঁকিবা
আছে দুডৰা খেতি-মাটি
সৰুকৈ এখন বাৰী
গোটাই লৈছে কোৰ-কুঠাৰ
দুহাত আঁজুৰি কৰে
পুৱা ওলায়, ৰাতি জিৰায়
দুখৰ ৰাতি কাকো শাওপাত দিয়া নাই
নিজৰ কপালকে ধিয়ায়
দিখৌৰ কি দোষ
কি দোষ দিখৌৰ
লোভ-লালসাৰ দুনিয়াত কি দোষ দিখৌৰ
নিৰ্দয় আঘাত
বৈ থকা বাট হেৰায়
শিল-বালি মাটি খান্দি বুকু উদং তৰাং
সোঁতে উটাই নিলে সোঁতে উটাই নিলে দিখৌপৰীয়া
তল গ’ল বনফুল
জীয়াই থকাৰ অধিকাৰ আছিল বানত উটি যোৱাসকলৰ
যতনেৰে সাঁচি থোৱাৰ কথা আছিল
এটা জীৱনৰ আয়ুস দি গোটোৱা জীৱন চলোৱাৰ লাম-লাকটু
এতিয়া সন্মুখত দীঘল ৰাতিটো
পাছত পুৱা, দুপৰ
কোনে পাতিছে চিটিকা
প্ৰকৃতি বিনন্দীয়া অসহায় চৰাই
