মানস প্ৰতিম দত্ত
শালি খেতিৰ বন-বাত
নিৰাই
জোনটোৱে খণ্টিখন
ক’ত বা গুজিছে
বিন্ধাই ভাঙি ছিঙি
শেষ কৰিব পাৰেনে
ভোকৰ ভাত
মোৱা মাছৰ চিতিপনি,
ডৰিকণাৰ অসুখ
ভেলেঙীজনীৰ বহল মুখৰ
লপথপ হাঁহি যেন
আবেলি এটাত নিভাঁজ
বেলিৰ হেঙুলীয়া গীত
টুনি চৰায়ে টুনটুনায়
পথাৰত শালিধানৰ সুহুৰি
নাই
তুমি জোনৰ পোহৰ খেদি
বিচাৰি পাইছিলা নেকি
এখন খণ্টি
ধেমাজি-লখিমপুৰ
শালি ধানৰ ঘৰ
বৰষুণৰ দুখত হেৰাই
যায় শালিতলী
জলবায়ু পৰিৱৰ্তনৰ
অবাধ মোখোৰা
গছ ভঙাৰ সাধ্য আছে
নেকি জবকা অথবা দলি মাৰিৰ?
এদিন চাগে ৰ’দ অথবা
বৰষুণৰ শোকত
হেৰাই যাম আমি
ঠিক ভালপোৱাৰ অজুহাত
এটাত এৰি
হেৰাই যোৱাৰ দৰে
তুমি…।
