মাধুৰী সন্দিকৈ
জুই-পানী নিষেধত
নেটৱৰ্ক বগাই অহা কথা
মনে মনে থাকিব পৰা বুধিয়কৰ
নানান অসুবিধাৰ সুবিধাজনক কথা
কামুৰিবলৈ অহা বৰল মানেই স্ত্ৰীলিংগ
আৰু গালে-মুখে ৰজনজনাই থকা কথা
পোৱা-নোপোৱাৰ হিচাপেৰে
ছয় মিটাৰেও ঢাকিব নোৱৰা কথা
ধৰ্মৰ চোক বাঢ়িলে
দেৰদেৰাই থকা মুখৰ কথা
জোতাৰ জিভাৰ দৰে আৰামদায়ক
কথাবিহীন জিভা।
