(কবি আনিছ উজ জামানৰ স্মৃতিত)
এম. কামালুদ্দিন
আহমেদ
বগা এই
বিস্তৃতি
তোমাৰ আঁকোৱালত
ফুলবোৰেই
ফুলি উঠা নাছিল
ভাৰ্চুৱেল পৃথিৱীখনো
কঁপি উঠিছিল
এই স্নিগ্ধতাই
বাট কাটিছে
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
কিন্তু তুমি
কবিতা গঢ় দিছিলা
চৰম
ইন্দ্ৰিয়গ্ৰাহ্যতাৰে
বোকাৰ লদাৰে
কবৰৰ মাটিৰে
ফেঁচাৰ ধপধপনিৰে
ঠিকনা :
বিভাগীয় প্ৰধান,
অসমীয়া বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
