অন্যযুগ/


হেৰাই যোৱাৰ কবিতা

কৌশিক জ্যোতি বৰা

 

 

নিমাওমাও চহৰ খনৰ মাজেৰে পাৰ হৈ আহোঁতে

বিয়লিৰ বেলি পৰিল

বিন্দুতে সিন্ধু বিচাৰি

মূৰৰ ওপৰেৰে উৰি গ'ল এজাক বলিয়া বতাহ

আৰু মই

ৰান্ধনী বেলিৰ সন্ধানী চকুৰে দেখিলো

সহস্ৰ নক্ষত্ৰৰ জলকেলিত সৰি পৰা এটা পপীয়া তৰা।

 

গান বিচাৰি গগণে মোৰ ওঁঠত ওঁঠ থওঁতেই

মই হৈ পৰিলোঁ এজনী তেলীয়া সাৰেং

শুকাই কাঠ হোৱা চকুৰে মই

দেখিও নেদেখিলোঁ বেদনাত বিচ্ছেদিত আকাশৰ ঢৌ

 

নিমাওমাও চহৰখনৰ মাজেৰে আহি আহি

সুৰ বিচাৰি স্বৰ হেৰুওৱা এটা গানৰ বনচাইৰ ডালত মই এতিয়া আধাপকা এচকল জোন

 

 মোৰ সুখীয়া সময়

দুখৰ বাবৰি ফুলুৱা ৰাতিবোৰত লুকুৱাই

মোলৈ কি আনিছা?

তোমাকনো কেনেকৈ কওঁ...

বনচাইৰ ডালত বহি দহেঁচিয়া জোন হৈ

এন্ধাৰৰ জোনাক এতিয়া কেনেকৈ চাওঁ!

 

 

ঠিকনা:

আমগুৰি,দেৰগাঁও

ডাক-ন ভঙা

পিন-৭৮৫৬১৪

ফোন-৯৩৬৫৯-৬০৫৮

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ