অৰুণ গগৈ
জৰা হৈ জকমকায়
লাউ হৈ লতা বগায়
ফুল হৈ ইনাই বিনায়
“হাতো নেমেলিবি ফুলো নিছিঙিবি”
বিধাতাই বিধৱা কৰা
বাঁৰী তিৰোতাৰ কথা কৈ
ওৰেৰাতি সাৰে ৰয় বন কেতেকী
এৰাবাৰীৰ এৰাপৰলীয়া জুপুৰিটো
টিপচাকিৰ পোহৰত কঁপি থাকে
এপদ এপদকৈ খহি পৰে
সুখৰ সোণখটোৱা সোলেং
উকা সময়ৰ কপাহী চেলেং
জপাত জাপি সামৰি থোৱা কথাবোৰ
কথনা ফুলৰ দৰে বগা হৈ ফুলি উঠে
সুলকি পৰে হাতৰ মুঠিত
সুখৰ মানচিত্ৰ
সময়ৰ ৰেখাচিত্ৰ
বগা চাদৰে মেৰিয়াই ধৰে
বোবা যাতনা
জৰাই জপটিয়াই ধৰে বুকুৰ জপনা
ঢেঁকীত ধান বনাদি মাহী আয়ে বানিলে
ভাত কাপোৰৰ লগতে ঠেকেচি খুন্দিলে
ওৰেৰাতি ইমান বিননি
কেতেকীৰ কণ্ঠত কৰুণ কাহিনী
শৰবিদ্ধ সময়ক গৰকি
ৰাতি ৰাতি জ্বলে শোকৰ টিপচাকি
বিধাতাই বিধবা কৰা
বাঁৰী তিৰোতাৰ কৰুণ বিননি
মই কেতেকী মই কেতেকী ৷
ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০